Part 02

Multiple Career Choices
August 4, 2017

( আজি) আকৌ এটা গড়ৰ মৃত্যু

অাকৌ এজন শৰাইঘটীয়াৰ ঘাতকৰ হাতত অপমৃত্যু

ঢাক ঢোল বজোৱা ৰণুৱাবোৰ এতিয়া নৰীয়া পাটীত

জগাবলৈ তাহাতক লাভ নাই খং শিঙা বজাই

মোমাইক কাটিলেও জানো উঠিব জাগি

দেশ নিদিও বুলি ৰাজপথত চিঞৰা এশএটা ৰণুৱা ঘোৰা

অাস্তাবলত এতিয়া সপোন দেখি নিদ্ৰাদেবীৰ কোলাত।

দেশ বুলি কলেও সকলোকে লাগে কমিচনৰ টোপোলা

প্ৰমিলাই অকলে কেনেকৈ যুজিব চিষ্টেম ফোপোলা

মামৰে ধৰা বন্দুকবোৰ ট্ৰিগাৰ তিপিলেও নচলা

চৰ চাপৰীবোৰত বাজে অবৈধ বিদেশীৰ তবলা

ভোটৰ লোভত নেতাই মাৰে চলাহী কথাৰ মহলা

আন্ধাৰত গদাঘূৰাই চিকাৰীখেদা অসমীয়াৰ স্বভাব হবলা

ৰাইজে নখ জোকাৰিলে নৈ আৰু নবয় অাজি

সেয়েহে অকলশৰীয়া হ’ল প্ৰমিলাৰাণীৰ দৰে কাজি

গুৰি পৰুৱাৰ দৰে মাউখে উঠিলে ৰাইজেই মাৰিব বাজী

লৰ মাৰিলেও ৰক্ষা নহব তোৰ চোৰাংচিকাৰী পাজী

ৰংমন (গড়) সদায় জীয়াই থাকিব নতুন সাজেৰে সাজি।

অসম বন্ধৰ নেতা সকললৈ

সময়ৰ টিকনি হেনো আগফালে উৰে

সাগৰৰ জোৱাৰ জানো কাৰো বাবে থমকি ৰয়

সূৰ্য্যক পাৰিবা জানো ৰোধিব ক্ষন্তেকৰ বাবে

বুজিও নুবুজা কিয় হে বন্ধ প্ৰেমী কানিয়া নেতা

এটুপি মদৰ ধান্দাত জনতাৰ কিয় খাই আছা মাথা।

কিহৰ বাবে তোমাৰ এই বিড়াল তপস্বী ৰূপ ধাৰণ

দাবী তোমাৰ ভূৱা আবৰন, টকা ঘটাই কাৰণ

উন্নতি কামী ৰাইজে এইবাৰ কৰিব বাৰণ

পিঠিত পৰিব যেতিয়া পাখৰী বেটৰ মাৰন

দৌৰি পলায়ো নাপাবা তুমি অকনো তাৰন।

সেয়েহে আকৌ এবাৰ কও হে ভণ্ড নেতা

টকা অাৰু ক্ষমতাৰ লোভত নহবা আপোন পেটা

ৰাইজে ভাঙিব এইবাৰ তোমাৰ বন্ধ পুখুৰীৰ ভেটা

কাপুৰুষ তুমি ৰাইজৰ মাৰৰ ভয়ত পৰিবা শেতা

চিৰদিনৰ বাবেই বন্ধৰ কাৰচাজিয়ে বান্ধিব লাগিব লেতা।

মাজুলীৰ খহনীয়া

টপ টপকৈ পৰা বৰষুণৰ তোপাল বোৰ মূষল ধাৰা হ’ল

সুৰুজ কলীয়া ডাৱৰৰ মাজত বহুদিন লুকাই ৰ’ল

ধৰাৰ বুকুত পৰা পানীবোৰ জুৰি নিজৰা হৈ বৈ গল

বালিত শুই থকা সৰু নদীখনৰ উঠন বুকুৰে বলে ধল

হিৰ হিৰ শব্দৰে গাও ভূই পানীৰ মাজত গ’ল তল।

এচপৰা দুচপৰা শুৱনী নদীৰ পাৰ যেন উলাহত খহিল

চলপ চলপকৈ নিশা খহা মাটিৰ চপৰাবোৰৰ শব্দত

মাজনিশাৰ ফেচাৰ নিউ নিউ শব্দ তল পৰি গল

চকুৰ আগত নদীত খহি পৰা আদৰৰ ঘৰ খন দেখি

আইতাৰ হিয়া ভঙা কান্দোনত পুৱাৰ বেলি থমকি ৰল।

এখন দুখনকৈ বহু গাও উচন হৈ নদীৰ বুকুত জাহ গল

নদীৰ বুকুলৈ চাই স্কুলৰ স্মৃতিত হুমুনিয়াহ কঢ়া

কণপিতৌৰ খবৰ লবলৈ কাৰো যে আহৰি নহল

মাথাউৰিৰ টিংৰ চালিৰ তলত শুই কণপিতৌয়ে ভাবিলে

আকৌ কেতিয়া বাৰু স্কুললৈ নেওতা আওৰাম।

পূজা পাতলদিয়া গঞাৰ আশাবোৰো শেষ হৈ গল

কনাবিধাতাৰ চকু কিন্তু মুকলি নহল

কনমায়ে ভাবিলে পূজাতেই কিজানিবা ভুল ৰৈ হল

নহলে কিয়নো ইশ্বৰ সন্তুষ্ট নহল

নিৰ্বাচনৰ আশ্বাস বোৰো নেতা মন্ত্ৰীয়ে কিয় পাহৰি গল।

মাজুলী হেনো জাকত জিলিকা জিলা হৈ গল

মাথাউৰিৰ কনপিতৌ চফল ডেকা হল

বান-খহনীয়া একেই ৰল, নতুন গাও আকৌ জাহ গল

কণপিতৌৰ লৰা দেবেনৰ মাথাউৰিতে জন্ম হল

২১ শতিকাতো কিয় বাৰু ইতিহাস একেই হ’ল?

আহিবনে সচাকৈয়ে নতুন দিন এইবাৰ

জীবন কালতে কণপিতৌয়ে দেখিব পৰিবৰ্তনৰ জোৱাৰ।

নতুন শৰাইঘটীয়া নেতা

শৰাইঘটীয়া নেতা আমি নতুন যুগৰ

ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ

ৰাজপথত টায়াৰ জ্বলাই কৰো প্ৰতিবাদ

শিলগুটি দলিয়াই জনতাক দেখুৱাও সাহ

এম্বুলেঞ্চৰ গ্লাচ ভাঙি নিজে নিজে লও বাহ বাহ।

মহকুমা লাগে, জিলা লাগে, লাগে আমাক ৰাজ্য

সমৰ্থকলৈ ৰাস্তা বন্ধকৰো মানিবলৈ সকলো বাধ্য

কামৰ মানুহ কামলৈ যোৱাৰ কাৰো নাই সাধ্য

কোনোবাই যদি অমান্য কৰে পিঠিত বজাও বাদ্য

বন্ধৰ নামত দকা হকা দি ধাবাত খাও সুস্ব্যাদু খাদ্য।

জনজাতি লাগে সংৰক্ষণ লাগে হবপাৰে কাৰোবাৰ ন্যায্য

সকলোৰে অধিকাৰক সন্মান জনাই কৰা নিজৰ কাৰ্য্য

তাৰবাবে ৰাইজক পনবন্দী কৰাটো নহয় জানো অকায্য

দেশৰ আইন দেশৰ কানুন সকলোৰে বাবে হয় প্ৰযোয্য

সেয়েহে তুমি অপদাৰ্থৰ দৰে নিজক নেদেখুৱাবা অযোগ্য।

কৰ্মইহে আনিব পাৰে উন্নতিৰ সোপান গোটেই বিশ্বই কয়

আন্দোলনৰ নামত কিয় অসম মাতৃক কৰিব খুজিছা লয়

বিশ্বৰ দৰবাৰত থিয়দিবলৈকে এদিন হব তোমাৰ ভয়

বন্ধৰ নামত ধৰ্ণাৰ নামত অৰাজকতাৰ দৈত্যৰহে হব জয়

জাতপাতৰ নামত চিৰদিনীয়া সম্প্ৰীতি কাললৈ হব ক্ষয়।

ডিগবৈ

ডিগ বয় ডিগ-খান্দিলা তুমি গভীৰলৈ আৰু গভীৰলৈ

সৃষ্টি হল এক নতুন ইতিহাস, এচিয়াৰ প্ৰথম তেলৰ খাদ

অসমৰ মাতিত জিলিকিল শক্তিৰ নতুন নলীনাদ

কেৰাচিন-মমৰ পোহৰত উজলিল অসমৰ ঘৰৰ চাদ।

হাতী মানুহৰ সংঘাত আজিৰ কথা

নহল তেতিয়া দেখো একো লেঠা

চাহাবে বুজিছিল জীব জন্তুৰো বেথা

সহ অবস্থানৰ সেয়ে সাজিছিল গাথা।

চাহৰ লগত যেতিয়া তেলৰ পুং অাহিল

উজনীত সেয়ে ৰেলৰ আলি বহিল

ডিগবৈ নামলৈ নতুন চহৰ জনমিল

উকি মাৰি ডিগবৈলৈ ঝক ঝক ৰেল চলিল।

চাহ-তেলৰ যুগল বন্দী অসম ইতিহাসৰ কথা

বৃটিছে অসমত লগালে উদ্যোগীকৰনৰ জাঠা

অসমৰ চাহ সোৱাদ গোটেই বিশ্বত উজলিলি

ডিগবৈৰ তেলেৰে বাগানৰ কলঘৰ চলিল।

চাহ তেলক বাদ দিলে অসমৰ ইতিহাস অাধৰুৱা

ডিগবৈ শোধনাগাৰ বন্ধ হলে ইতিহাস হব গুবৰুৱা

আধুনিক অসমৰ-ডিগবৈ আছিল স্যমন্ত মনি

ইয়াক হেৰুৱালে অসমে পাব যুগ যুগলৈ গ্লানি।

ঢালিগাও

মেলিছিলো কৰ্ম জীৱনৰ পালতৰা নাও ইয়াতে এদিন

এৰি থৈ জালুকবাৰীৰ মাদকতা ভৰা সোণোৱালী দিন

তেজ দিম তেল নিদিম ধ্বনিৰে অসমত ৰুদ্ধদ্বাৰ

ইন্দিৰা গান্ধীয়ে কৰিলে স্থাপন ঢালিগাৱত শোধনাগাৰ।

তুনীয়া পাৰৰ ভেৰভেৰী অাৰু বহু কথা ইতিহাস গ’ল

বঙাইগাও শোধনাগাৰ আৰু পেট্ৰকেমিকেলচৰ জন্ম হল

পনীয়া সোণৰ এদিন বলিল নিৰবিচ্ছিন সোতৰ ধাৰা

প্ৰগতি-উন্নতিৰ পথেৰে ঢালিগাও হল আপোন পাহৰা।

নামঘৰ মন্দিৰ বিদ্যালয় আৰু নাটকাচল উজলিল

ভেদাভেদৰ প্ৰাচীৰ ভাঙি ক্ষুদ্ৰ অসম হৈ জিলিকিল

প্ৰতিযোগিতাৰ দৌৰত পাচে পেট্ৰকেমিকেলচ নিটিকিল

পনীয়া সোনৰ বোৱতি সোতো দেখো ওলোতাকৈ বলিল।

পেট্ৰকেমিকেলচৰ মেচিনত মামৰ লাগিল

ফাইবাৰ প্লেণ্টৰ নাও যেন তুনীয়াতে বুৰিল

ঢালিগাৱৰ গৌৰব বনপলিৰো ইতি পৰিল

আইঅচিএলত চামিলহৈ শোধনাগাৰ জীয়াই থাকিল।

ঢালিগাও সাক্ষী তুমি বহু নিলিখা ইতিহাসৰ

জীয়াই থাকিবা সদায় অন্তৰত সহস্ৰ জনৰ

এদিন হয়তো আহিব আকৌ উজ্বল সুদিন

জুমি চাবা নতুন বেশৰে, দীঘল নহয় তোমাৰ দুৰ্দিন।

ভাল লাগে অসম আমাৰ

(ভাল লাগে)কুলি কেতেকী দহিকতৰাৰ সুৰ

(ভাল লাগে) শেৱালী বকুল তলৰ মলয়াৰ জুৰ;

(ভাল লাগে) শৰৎৰ চকু জুৰোৱা সেউজীয়া ধাননী

(ভাল লাগে) দুবৰিৰ মুকুতাই দিয়া শীতৰ জাননী।

(ভাল লাগে) বাৰিষাৰ বৰষুণৰ সৰু বৰ তোপাল

(ভাল লাগে) ঘৰৰ চোতাল খন যেতিয়া হয় জীপাল;

(ভাল লাগে) কলং কপিলী ধনশিৰী বেকীৰ তীৰ

(ভাল লাগে) নলবাৰীৰ ৰাস মেলাৰ থিয়েটাৰৰ ভীৰ।

(ভাল লাগে) লুইত পাৰৰ কহুৱাৰ হালি জালি কৰা নাচ

(ভাল লাগে) ডাবলাং – কুজী বিলৰ চিতল বৰালী মাছ

(ভাল লাগে) বহাগৰ বিহুৱা নাচনিৰ মুগা ৰিহাৰ ভাজ

(ভাল লাগে)উৰুকাৰ দিনা লগে ভাগে খোৱা ভাত সাজ।

(ভাল লাগে)চাহ বাগিচাৰ মাজৰ একা বেকা আলিবাট

(ভাল লাগে) পূৰ্ণিমাৰ জোনাক ৰাতি কাঠনীবাৰী ঘাট;

(ভাল লাগে) কামাখ্যা বৰাইল আমচৈ কাৰ্বি পাহাৰ

(ভাল লাগে)পবিতৰা মানস কাজিৰঙাৰ ৰূপৰ বাহাৰ।

(ভাল লাগে)বিহুগীত বনগীত লোকগীত বৰগীতৰ সুৰ

(ভাল লাগে) ৰহদৈ-আঘোনী বায়ে বেচা ফুলগুৰিৰ গুৰ;

(ভাল লাগে)আম কঠাল লেতেকু পনিয়ল বগাক’লা জাম

(ভাল লাগে) থেকেৰাগুৰিৰ ডাব আৰু বাহ বেতৰ কাম।

(ভাল লাগে) ভগদত্ত চিলাৰায় লাচিতৰ বীৰত্বৰ ইতিহাস

(ভাল লাগে) ৰসৰাজ ভোলানাথৰ পৰিশ্ৰমৰ আভাষ;

(ভাল লাগে) শংকৰ বিষ্ণু জ্যোতি ভূপেনদাৰ চিন্তাধাৰা

(ভাল লাগে) অসম- অসমীয়া একোতে নহয় পাচপৰা।

সেয়েহে কও হেৰা অসমীয়া ভালকৈ ভাবি চাবা

অসম মাতৃক আপোন কৰিলে স্বৰ্গ ইয়াতে পাবা।

চিৰ চেনেহী মোৰ ভাষা জননী

সপোন দেখিছিলো অসমীয়াত, বেদনা হলে উচুপি মা বুলি চিঞৰিছিলো

আনন্দৰ কিৰিলি কিম্বা দুখৰ হুমুনিাহ কাঢ়ো মাথো নিজৰ মাতৃ ভাষাত

গছৰ তলত থিয় হৈ সৰুতে চিঞৰা আঠ নগুন বাসত্তৰ এতয়াও ভাহি উঠে কৰ্ণপতহত

অসমীয়া ভাষা মোৰ বুকুৰ আপোন অসমীয়াতে দেখিম নতুন সপোন।

এদিন দেউতাই কৈছিল অসমীয়া ভাষা সকলোতকৈ সুন্দৰ আৰু শুৱলা

নামানিলো মই, দেউতাই হাহিঁ মাৰি কলে তেনেহলে অনুবাদ কৰা

‘লুইতেহে জানে বঠা কিমানলৈ বহে’; ‘এনেয়ে বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া’

অনুবাদবোৰ কিবা নিজৰে পচন্দ নহ’ল ভাববোৰ দেখো আজিও বিজতৰীয়া হৈয়ে ৰ’ল।

দেউতাই আকৌ হাহিঁলে আৰু ক’লে টলষ্টয়- ডষ্টভয়েষ্কী য়ে ইংৰাজীত নিলিখে

চীন আৰু জাপানৰ শিশুয়ে বা বা ব্লেক ছীপ আৰু হাম্পতি দাম্পতি নপঢ়ে

বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকাই স্পেনিচ কিম্বা ফৰাচী ভাষাত গান নিলিখে

হৃদয়ৰ প্ৰকাশ হৃদয়ৰ ভাষাৰেহে হয় সাৰ্বজনীন হ’লে কিন্তু প্ৰসাৰৰ বাবে ভাষা অন্তৰায় নহয়।

সকলো জানিও অাজি পথ ভ্ৰষ্ট অসমীয়া আমি

অসমীয়া ভাষাই নকৰে অামাৰ ফুলনি শুৱনী

অসমৰ পঢ়াশালিত সেয়ে ইংৰাজৰ যনযননি;

এতিয়াও নুবুজা যদি ভাষা জননীৰ মূল্যৰ কথা

বিশ্বৰ দৰবাৰত অসমীয়াই এদিন পাব সহিব নোৱাৰা বেথা

সেয়েহে আকৌ কোৱা চিৰ চেনেহী মোৰ ভাষা জননী

অসমীয়া ভাষা জগত সভালৈ যাব হৈ চিকুন-লাৱনী।

ৰঙালী বিহু

শৈশব কৌশোৰ পাৰহৈ এদিন পালোহি দুৰ্দ্দান্ত যৌবন

আহতৰ কুহিঁপাত আৰু কুলিৰ মিঠা মাতবোৰ

বেলেগ বেলগ লগা হ’ল, বুকুৰ মাজত এক অজান পুলক

ফাগুন ফাগুন লগা মনতোও দেখো পমুৱা তুলাৰ দৰে

উৰি গ’ল বৰদৈচিলাৰ সৈতে প্ৰেয়সীৰ কাষলৈ।

ঋতুৰ পৰিবৰ্তনেই বয়স আৰু জীবন চকৰি

যৌবনত প্ৰেম নাথাকিলে জীবন যাব এনেয়ে বাগৰি

সেয়ে উলাহতে নাচো বাগো মন প্ৰাণ হৰি

চেনেহীৰ উৰি থকা ৰিহাৰ আচলত ধৰি

মতলীয়া বহাগৰ ৰঙালী বিহুত দুখ ভাগৰ পাহৰি।

বিহুতো কেবল নাচ গান আৰু হুচৰি নহয়

অসমীয়া জীৱনৰ জিয়া ইতিহাস সুৰ তালেৰে লিখা

ঢোলৰ মূৰ্চ্ছনা আৰু গাভৰুৰ ককালৰ ভাজত

প্ৰাণ উঠে পাহোৱাল ডেকাৰ বলিয়া হাতীকো বশ কৰি

শৰাই ঘাটৰ ৰণত শত্ৰুক কপাবলৈ ভয়ৰ ত্ৰাসত।

বিহুতো আজিও আহে একেই মাদকতা লৈ

নাই মাথো শৰাইঘাটত শতৰুৰ বুকু কপাই জগত জিনা

নৰীয়া গাৰে যুজলৈ যোৱা লাচিতৰ শৌৰ্য্য বীৰ্য্য

নাই মাথো নাঙলৰ ফাল গঢ়ি অসমৰ মাটি চহাই

সুজলা সুফলা শষ্য শ্যামলা অসম গঢ়াৰ ধৈৰ্য্য।

একৈশ শতিকাৰ বিশ্বত বিহু গঢ়িব লাগিব নতুন ৰূপত

হুচৰি মাৰিব লাগিব চিলিকন ভেলী-ৱালষ্ট্ৰীটৰ পাবত

লাগিব নতুন উদ্যম-টেকনলজী-শিক্ষাহে আহিব কামত

মঞ্চত বিহু গাই নহব শৰাই ঘাটৰ নতুন ইতিহাস

অসমীয়াৰ লগতে বিহুও হব সময়ৰ পৰিহাস।

দূৰ্গা পূজা

দূৰ্গতি নাশিনী প্ৰতিবাৰে আহিল আৰু গ’ল

দূৰ্গতিৰ পাচে আজিও দেখোন বিনাশ নহল

মহিষাসুৰ ৰূপী শত শত দৈত মানবৰ হাতত

অসহায় পশু পক্ষীৰ বলি আৰু কৰুণ মাতত

পৰিব জানো দূৰ্ণিতী-আতংকৰ দৈত্য কবৰৰ গাতত?

কপটীয়া মানুহৰ ভূৱা প্ৰাথনাৰ দাবীত

ৰমক জমক কাপোৰ আৰু সুৰাৰ ৰাগীত

চিকমিকিয়া পেণ্ডেল অৰু সুশৰ্জিত বাগীত

দেবী জানো সচায়ে আহিব নতুন বতৰা লৈ

উভতি যাব জানো মানবতা-সুন্দৰৰ জয়ৰ বতৰা কৈ।

মনবোৰ যদি নহয় শুদ্ধ মিছা হব পূজাৰ নৈবদ্য

আহুতি নহয় যদি লোভ মোহ কাম ক্ৰোধ

নাবাজে ঢাক-ঢোল যদি সহনশীলতা-মানব প্ৰেমৰ

নজ্বলে অনুতাপৰ চাকি কৰি অহা অসংখ্য ভুলৰ

কণ্ঠত উজলিব দেবীৰ জানো মালা সাৰদী ফুলৰ।

আকৌ এবাৰ বৃথা হব দেবীৰ আবাহন

ৰৈ যাব মাথো বিজয়াৰ বিফল বিৰ্সজন

দৈত্য দানববোৰে আকৌ কিৰিলি পাৰিব

সেয়হে শপত এইবাৰ মনৰ আৰু অন্তৰৰ স্বচ্ছতাৰ

জয় হব দেবী দূৰ্গাৰ জয় হব স্বচ্ছ ভাৰতৰ।

অষ্টমীৰ চিন্তা

মহিসাসুৰ অসুৰ

ভেৰী বেদ ভেৰী বেদ

দূৰ্গা দেবী

ভেৰী গুদ ভেৰী গুদ।

দূৰ্গা দেবীৰ পূজা

ভেৰী গুদ ভেৰী গুদ

বলি বিধান

ভেৰী বেদ ভেৰী বেদ।

পূজাৰ বেলুন

ভেৰী গুদ ভেৰী গুদ

চাইনিজ পিষ্টল

ভেৰী বেদ ভেৰী বেদ।

পূজাৰ জেলেপি

ভেৰী গুদ ভেৰী গুদ

মন্দপৰ প্ৰদূষণ

ভেৰী বেদ ভেৰী বেদ।

পূজাৰ ঘূৰণ ফুৰন

ভেৰী গুদ ভেৰী গুদ

ৰাস্তাৰ ট্ৰেফিক জাম

ভেৰী বেদ ভেৰী বেদ।

অষ্টমীৰ খিচিৰি

ভেৰী গুদ ভেৰী গুদ

ছাগলী মহৰ কাতৰ চিঞৰ

ভেৰী বেদ ভেৰী বেদ।

তথ্যপ্ৰযুক্তি        সকললৈ

ইণ্টাৰনেট আৰু স্মাৰ্টফোন যুগৰ প্ৰহৰ

কাট-পেষ্ট কপি-পেষ্টৰ অঘোষিত লহৰ

নাই কিন্তু কোনো মৌলিকতাৰ পোহৰ

দাটা আৰু ইনফৰমেচনৰ অদৰকাৰী কহৰ।

অাৰ চিগা চুলি তাৰ চিগা চুলি

মাৰি যাও নেঘেৰী খোপা

আনৰ বাৰীৰ বাহ গাজ আনি

খৰিছাৰ সলনি বনাও পিঠা।

ইনফৰমেচন মানে জ্ঞান নহয়

আপেল সৰাৰ দৰে কথা

নিউটনে যদিহে নখতুৱালে হেতেন

ইমাজিনেচন আৰু বিশ্লেষণৰ মাথা।

গাৰবেজ ইন গাৰবেজ আউত

ইণ্টাৰনেট বেপাৰীয়ে কৰে বেহা

নিজৰ লগতে দেশৰো নহয়

কাম কাজ একোতে সহায়।

কপি পেষ্ট কপি পেষ্ট কৰোতে ধন হব ব্যয়

এঘণ্টাৰ খোজ দেখো শৰীৰৰ বাবে অমৃত হয়

চকু যাব নাৰ্ভ যাব লৰিব স্মৃতিৰ ভেটী

শৰীৰৰ মাজত উজলিব কুহিয়াৰ খেতি।

ইণ্টাৰনেট লাগে স্মাৰ্ট ফোন লাগে

সুন্দৰ সুঠাম জীৱনৰ বাবে

অামাৰ সমাজ-জীৱন সুস্থ সবল হবলৈ

নতুন টেকনলজী নিশ্চয় লাগিব ৰাইজক কবলৈ।

জুই চকাৰ দৰে কম্পিউটাৰ-নেট প্ৰগতিৰ এক অস্ত্ৰ

জুয়ে কৰা খাণ্ডবদাহৰ দৰে ইয়ো কৰিব আমাক ভ্ৰষ্ট

সকলোৰে দৰে তথ্য প্ৰযুক্তিৰো আছে ভালবেয়া দুই পিঠি

ভালটো নলৈ বেয়াটো আদৰিলে সকলোৱে খাম লাঠি।

শংকৰদেৱ

বিশ্ব যেতিয়া নিমগ্ন অান্ধাৰ আৰু অজ্ঞানতাত
নিৰ্মজিত ধৰ্মৰ নামত হিংসা বিদ্বেশ আৰু খিয়ালত
সূৰ্য্য উঠা দেশত জনমিল এক জ্যোতিস্মান নক্ষত্ৰ
দুন্দুভি বাজিল কুসুম্বৰৰ ঘৰত, উপজিল শংকৰ।
জাতি ধৰ্ম ভাষাৰ পৰিধি ভাঙি সকলোকে বিলালে
প্ৰেম একতা ভাতৃত্ব আৰু নব বৈষ্ণব বাদৰ জ্যোতি
অসমৰ সংস্কৃতিত সিচিলে ভাওনা সত্ৰ গীতৰ কঠিয়া
ভক্তি ৰসত উজলিল অসম দেশ শংকৰ শংকৰদেৱ।
বিশাল ব্যক্তিত্বৰে তুমি যেন ঈশ্বৰৰ দূত, মহান পুৰুষ
সেয়ে লা সকলোৰে শ্ৰদ্ধাৰ মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ
সকলোকে বিলালা বিশ্ব প্ৰেমৰ যুগান্তকাৰী বাণী
কুকুৰ শৃগাল গৰ্ধবৰো অাত্মা ৰাম জানিয়া সবাকো পাৰি কৰিবা প্ৰণাম
কলমেৰে তোমাৰ নিগৰি ওলাল অসমীয়াৰ হিয়াৰ আমঠু
কীৰ্তন দশম গুনমালাঅাৰু শত বৰগীতৰ নিজৰা
গঢ়িদিলা অসমীয়াৰ বৰ ঘৰৰ চিৰযুগৰ বাবে ভেটী
মাধবৰ লগ লাগি দিলা শংকৰমাধবৰ অভিন্ন যুটি।
দেখা নাই এতিয়া আৰু শিৰিশ সেউতী তমাল মালতি
লবংগ বাগি গুলাল, তথাপি অসম একেই জ্যোতিস্মান
তুমি দিয়া পোহৰৰ আলোকেৰে অসমীয়া ধাবমান
বিশ্বৰ বুকুত শিৰ উচ্ছ কৰি অসমীয়া ভাষা প্ৰবাহমান।
যৌতুক যাত পাত ধৰ্মৰ উৰ্দ্ধত অসমীয়াৰ জাতি সত্বা
অসমত নাৰী আৰু আইৰ ভূ ভাৰতত নথকা বিৰল স্থানৰ
তুমিয়েই আছিলা ধ্বজাধাৰী প্ৰথম প্ৰবক্তা
সেয়ে আজিও নাৰীৰ স্বাধীনতা আমাৰ অতিকে প্ৰাণৰ।
বিভেদ কামী শক্তিয়ে যেতিয়াই সিচিচে বিভেদৰ কঠিয়া
সকলোকে একত্ৰে ৰাখিছে তোমাৰ নামৰ বঠাই
বয়সষ্ঠৰ কঠ সদায় আগত, হব পাৰে তেও নদাইভদাঈ
চিনিয়ৰ চিটিজেনৰ কনচেপ্ট বিশ্বক দিছিলা কাহানিবাই।
যীশুৰ মানব প্ৰেমৰ বানীতকৈ দুখোজ আগুৱাই লা
গছ লতিকা আৰু জীৱ জন্তুকো প্ৰেম কৰিবলৈ লা
বিশ্বৰ পৰিবেশ ৰক্ষাৰ বাবে গছ গছনি পশু কুলো লাগে
বিশ্ববাসীয়ে দেখোন সৌ সিদিনাহে ভালদৰে বুজি পালে।
তুমি দেখুৱালা বিশ্ব প্ৰেম মানবতা আৰু সাৰ্বজনিনতা
অসমত নাই সেয়ে ধৰ্মান্ধতা জাতিবাদ আৰু সংকীণৰ্তা
ভাৰতকে নহয় বিশ্বক অসমে দেখুৱাব মানবতাবাদ
তোমাৰ নীতিআৰ্দশৰ হব পুনৰ নব প্ৰকাশ।

ধৰ্ষণ

অকালতে মৰহি গ’ল ফুলৰ কলিটি

নেদেখিলে পুৱাৰ সুৰুজ কিম্বা পূৰ্ণিমাৰ জোন

নিষ্ঠুৰ পাষাণ হাতে পেলালে মোহাৰি

নাজানিলে নুবুজিলে হত্যাকাৰী কোন।

আদিম মানবৰ বৰ্বৰতা এতিয়াও কিয়

ধমনীত আমাৰ প্ৰবাহমান গংগা যমুনাৰ দৰে

সভ্যতাৰ জখলা যদিও সমগ্ৰ বিশ্বতে

আকাশ চুবৰ বাবে অবিৰত ধাবমান।

নিৰ্ভয়া আহিল আৰু গ’ল সকলোকে চুই

তথাপি নজলিল কিয় পাষাণ হৃদয়ত

আত্মবিশ্লেষণ আৰু অনুতাপৰ জুই

কুম্ভকৰ্ণৰ দৰে সমাজো আকৌ পৰিল শুই।

পুৰুষ আৰু প্ৰকৃতি সৃষ্টিৰ ইপিঠি সিপিঠি

তথাপি নিদ্দৰ্য় কিয় পুৰুষ তুমি

পাহৰি পুৰুষত্বৰ অহমিকা আৰু দাম্ভিকতা

অসহায়ৰ ওপৰত জপিয়াই দেখুৱা কাপুৰুষতা।

পখিলাৰ দৰে উৰি ফুৰা বাইটি ভনটীলৈ চোৱা

মন আৰু চিন্তা ধাৰাৰ পৰিবৰ্তনৰ পন লোৱা

নহলে সদায়ে নাৰী অসুৰক্ষিত হৈয়ে ৰব

আবাল-বৃদ্ধ-বনিতাৰ চকুপানী নিতৌ দেশত বব’।

সকলোৱে মিলি চলাও আহা নব আন্দোলন

নগ্নতা আৰু উগ্ৰ যৌনতাৰে নকৰো আবেদন

ৰাখীৰ দৰিৰে সকলোকে মৰমেৰে বান্ধো

ধৰ্ষণ নামৰ কুকৰ্মক কবৰ দিয়াৰ গাত খান্দো।

গড় তুমি জীয়াই থাকা

বিশ্বৰ বুকুত জিলিকি অাছা তুমি অভয়াৰণ্য

বাৰে বাৰে দেখিলেও নোৱাৰো বৰ্নাব সৌন্দৰ্য্য

কাজিৰঙা তুমি অপৰূপ একক অনন্য

তোমাৰেই শিৰৰ মুকুট এশিঙীয়া গড়

উমলি জামলি থাকি কাকোয়েই নাভাবে পৰ

চোৰাং চিকাৰীৰ গুলিত সেয়ে কৰে ধৰফৰ।

হৰিণাৰ মাংসই বৈৰী হোৱাৰ দৰেই

সুৰক্ষাৰ বাবে প্ৰকৃতিয়ে দিয়া খড়্গ

জীৱশ্ৰেষ্ঠৰ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত

সেয়েহে নৃশংস হত্যা গড় তোমাক

দেখিছা ত্ৰাহি মধুশুধন দয়াহীন মানবৰ ক্ৰুঢ় ত্ৰাসত।

শকতিত অদ্বিত্বীয় মহা পৰাক্ৰমী বীৰ

তথাপি তুমি শান্ত নিৰ্জু অতিকে ধীৰ স্থিৰ

নকৰা কোনো পশু কুলক অশান্তি অস্থিৰ

তথাপি মানব তোমাৰ শত্ৰু অতিকে নিষ্ঠুৰ।

খড়গ তোমাৰ শিৰৰ মনি কাজিৰঙাৰ শৌষ্ঠব

নহয় তাৰে কোনো ৰোগ নিৰাময় নতুবা মিৰাক

বুজিও নুবুজা কিয় হে মানব কুল

পৰিবেশ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ হেতু

সকলোৱে মিলি খেদিব লাগিব গড় হত্যাৰী

চোৰাংচিকাৰী আৰু ধন লোভী ৰাহুকেতু।

অসমীয়াৰ শৌৰ্য্য বীৰ্য্যৰ গড় জাগ্ৰত প্ৰতীক

প্ৰত্যেক অসমীয়াৰ অাজি অন্তৰাত্মা ব্যথিত

নিদিও এতিয়া আমি আৰু হবলৈ ৰাজনীতিৰ কপট

নতুন পুৰুষে এইবাৰ লৈছে লাচিতমূলাৰ শপত।

ডাইনী

ডাইনী ডাইনী বুলি নমাৰিবা মোক মোৰ ভাতৃ
তোমাৰ আইৰ দৰে ময়ো কাৰোবাৰ জীৱনদায়িনী মাতৃ
একেই তেজ মঙহেৰে গঠা একেই ধেকীয়া শাক খোৱা
তোমাৰ পত্নীৰ লগত একেলগে মাছ মাৰিবলৈ যোৱা।
বেমাৰ আজাৰ নহয় ভূত প্ৰেত কিম্বা ডাইনীৰ কাম
বেক্টেৰিয়া ভাইৰাচৰ কথা নজনা গঞাই লয় ডাইনী নাম
জৰা ফুকা বেজ বেজালি ঠগ বদমাছৰ কাম
অশিক্ষিত আৰু ভূৱা লোকৰ কথাৰ নাই কোনো দাম।
বেমাৰ হলে নিজৰ শিশুক অাচপতাললৈ নিবা
তেজ শৌচ পৰীক্ষা কৰি ডাক্টৰৰ ঔষধ দিবা
ঘৰৰ চৌহদ পৰিস্কাৰ কৰি বিশুদ্ধ পানী পিবা
মহ মাখি ঘৰ সোমাব নিদি দীৰ্ঘ জীৱন জীবা।
নতুন শিশুক অাচপতাল নি সকলো টীকা দিয়াবা
স্কুললৈ পঠাই বিজ্ঞান পঢ়াই নিতৌ গা তিয়াবা
নামঘৰ মন্দিৰলৈ গৈ ভগবান গুৰুক ধিয়াবা
নীতি আৰু মানব প্ৰেমৰ ৰসত লৰাছোৱালীক তিয়াবা।
ন্যস্ত স্বাৰ্থ অাৰু মাটিৰ লোভত মোক ডাইনী সজায়
স্বাৰ্থ সিদ্ধি হলেই পুলিচ আহিলে ধুৰন্ধৰে দৌৰি পলায়
নিজৰ মনকে সুধি চোৱা তুমি নাৰীক কোনে ডাইনী বনায়
নাৰী মাথো দেবী দূৰ্গাৰ ৰূপ মনত ৰাখিবা সদায়।

দূৰ্ণিতী

ধৰ্মনীতি ৰাজনীতি সমাজনীতি অৰ্থনীতি
যিয়েই নহওক অাৰু কিবা নীতি
সকলো আজি হাতোৰাত বন্দীনাম তাৰ দূৰ্ণিতী।
মন্দিৰৰ শংখ ধ্বনি কিম্বা পূজাৰ বেদী
সকলোতে দূৰ্ণিতীৰ নখৰ আচোৰ
গনতন্ত্ৰৰ নিৰ্বাচনৰ নামত সকলোতে দূৰ্ণিতীৰ পোহাৰ।
সমাজনীতিত এৰুৱাব নোৱাৰা লা এলান্ধু দূৰ্ণিতীৰ
কলিজাবোৰো যেন আমাৰ দূৰ্ণিতীৰ কৰাল গ্ৰাসত

তেজৰ বাবেও হস্পিতালত জনতা কপে দূৰ্ণিতীৰ ত্ৰাসত।
অৰ্থনীতি নচলে কমিচন ৰূপী দূৰ্ণিতীৰ মবিল নহলে
পাবনে শিশুৱে মধ্যাহ্ন ভোজন গুৰুৱে দূৰ্ণিতী নকৰিলে
পাবনে গঞাই ৰেচন আৰু তেল লা বজাৰ নবহিলে।
মনবোৰ আমাৰ হৃদয়বোৰ আমাৰ প্ৰৰ্দূষিত দূৰ্ণিতীৰে
সেয়েহে বয় ধমনীত দূৰ্ণিতীৰ কলা তেজৰ সোত
ঘৰ চুবুৰী গাও দেশ খন চালিত সেয়ে কুনীতিৰে।
বহু যুজ চলিল বৃটাসুৰৰূপী দূৰ্ণিতীক পিঞ্জৰাবদ্ধৰ হেতু
তথাপি নহল কিন্তু দূৰ্ণিতী অকনো লেতু সেতু
জয়প্ৰকাশ আন্নাৰ লগত বহুতে হৰুৱালে নিজৰ পেতু।
নতুন পুৰুষ তুমি মনত আছে অদম্য উৎসাহ আুৰ জেদ
হাতত আছে শক্তিশালী মাউচ নেট আৰু কি পেড
নাথকি ৰৈ কুটি দিয়া দূৰ্ণিতীৰ প্ৰিপেইড মায়াজালৰ ভেদ।

গান্ধী জয়ন্তীৰ চিন্তা

যিদিনা ধোৱাচাংত উঠিব একে৪৭, গ্ৰেনেদ অাৰু আইডি

সাৰ পাব সিদিনা গান্ধীয়ে অাকৌ এবাৰ

কোনেনো ভাবিছিল বাৰু প্ৰবল প্ৰতাপী বৃটিছ

গুছি যাব এদিন পদযাত্ৰা দেখি, যতৰৰ শব্দ শুনি;

বিভাজনৰ ইতিহাস আজিও বেদনা দায়ক

নাজানো দায়ী কোন লাভবান কোন

তথাপি দেশ কিন্তু স্বাধীন হ’ল অহিংসাৰ পথেৰে

মৃত্যুৰ কিৰিলি আহিল ধৰ্মৰ নামত ঈশ্বৰ- আল্লাৰ নামত।

ঈশ্বৰ-আল্লা একেই নাম বোলা তোমাৰ কথা

নুবুজিলে কোনেও স্বাধীনতাৰ উন্মাদনাৰ মাজত

নিৰীহৰ তেজেৰে ভিজি উঠিল দেশৰ মাটি

যদিও দেশৰ পৰা উঠি গ’ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ঘাটি।

সপোনৰ ভাৰত সপোন হৈয়েই ৰ’ল

মলিনতা আজিও নগল মনৰ পৰা, ৰেল ষ্টেচনৰ পৰা

সেয়ে তুমি জীয়াই ৰ’লা মুন্না ভাইৰ মাজত

স্বচ্ছ ভাৰত অভিযানৰ চেলফিৰ মাজত।

ৰাম ৰাজ্য তোমাৰ হেৰাই গ’ল ক’লা আইনৰ মাজত

ইৰম শৰ্মিলাৰ অন্নশনৰ ৰেকৰ্ডৰ মাজত

হেৰাই গ’ল কংগ্ৰেছী নেতাৰ চুইচ একাউণ্টৰ মাজত

কোটি কোটি ভোকাতুৰ জনতাৰ হুমুনিয়াৰ মাজত।

সেয়ে কও আকৌ এবাৰ আহা আমাৰ মাজলৈ

অহিংসাৰে নোৱাৰা যদি এইবাৰ জিনিব স্বাধীনতাৰ যুজ

কৃষ্ণৰ দৰে দিয়া আকৌ প্ৰেৰনা নতুন পুৰুষক

নতুন নায়কে তুলিব এইবাৰ জয়ৰ গাণ্ডীব।

যুদ্ধ! চুবুৰিয়ালৈ অনুৰুধ

মৃত্যুৰ কিৰিলি আৰু শিশুৰ কান্দোন

আৰ্ত জনৰ কাতৰ চিঞৰ অশ্ৰুৰ নিজৰা

কাউৰী শগুন শিয়ালৰ ৰাউচি

মানবতাৰ বধ্য ভূমি, এয়ে হ’ল যুদ্ধ।

তাহানি কালতে বুজিছিল এদিন

আলেকজেণ্ডাৰে, বুজিছিল মহামতি অশোকে

তথাপি কিন্তু শেষ নহ’ল মানবৰ

ৰণৰ স্পৃহা হত্যা যজ্ঞৰ আখৰা।

ক্ৰুছেদ আহিল, মহাসমৰ আহিল পৰমানু বোমা লৈ

ইতিহাসত ৰৈ গ’ল মচিব নোৱাৰা দুখৰ চেকা

চলি ৰল ইৰান ইৰাক লিবিয়া আফগানিস্থানত

ৰণ শিঙা আৰু বোমা বাৰুদৰ অবিৰত শব্দ।

কাৰ বাবে এই ৰণ কিহৰ বাবে এই ৰণ

আজিও নুবুজো, নুবুজে সহশ্ৰ সহজ সৰল অাত্মাই

ৰণৰ বাবেই যি মৰহি গ’ল অকালতে

জীয়াই অাছে মাথো কাৰোবাৰ স্মৃতিৰ অটল গহ্বৰত।

সেয়ে কও চুবুৰিয়া মোৰ নিদিবা জাপি অনাহক যুদ্ধ

নানিবা মাতি অাকৌ মৃত্যুৰ কৰিলি চকুৰ আগত

নিজৰ কনমানিটোৰ চকুলৈ চোৱা, অাইৰ মুখলৈ চোৱা

কোৰাণ শ্বৰিফ -আল্লাৰ দোহাই বন্ধ কৰা যুদ্ধৰ দামামা।

এদিন অাছিলো একেই ঘৰৰ ককাই-ভাই মৰমিয়াল

বিভেদ কামী শক্তিয়েহে লগালে ধৰ্মৰ নামত খৰিয়াল

একৈশ শতিকাতো নুবুজা কিয় এতিয়াও

অানবিক বোমাই কৰিব পাৰে নিঃশেষ দুয়োৰে পৰিয়াল।

অসমৰ নৰ্বাজুন

তাহানী অসম বুলিলেই মনত পৰিছিল

সুজলা সুফলা শষ্য শ্যামলা এখন মোহময়ী দেশ

সেউজীয়া পাহাৰ আৰু বগা বগা ডাৱৰ লুকাভাকু

বৰসবাহৰ ভোৰতাল আৰু ভাওনাৰ শব্দ

ঢোলৰ চাপৰত হালি জালি উঠা মুগা ৰিহা মেখেলা

সহজ সৰল নিকা মনৰ মানুহবোৰ

দুপৰীয়াৰ অতিথিক সাক্ষাত দামোদৰ বুলি

সেৱা সৎকাৰ কৰা গৃহষ্ট আৰু গৃহিনী বোৰ

সকলোকে আপোন অাৰু নিজৰ কৰা হৃদয় বোৰ।

নিষ্ঠুৰ সময়ে যেন বৰদৈচিলাৰ লগত উৰুৱাই নিলে

সপোন সপোন লগা সেই ৰঙীন দিনবোৰ

এতিয়া অসম বুলিলেই মনলৈ অাহে

হিন্দু মুছলমান বড়ো কছাৰী কোচ কলিতা ৰাজবংশী

মিচিং কাৰবি অাহোম অাদিৰ নামত হোৱা বিভাজন বোৰ

খড়গ কাটি নিয়া গড়ৰ কাষত বহি থকা পোৱালীবোৰ

অসম বন্ধ- প্ৰতিবাদৰ নামত জ্বলাই দিয়া গাড়ী বোৰ

বোমা আৰু গুলীত পিতৃহাৰা শিশুৰ কৰুণ মুখবোৰ

চাকৰিৰ বাবে টকা দি লটিঘটী হোৱা যুবকৰ মুখ বোৰ

দূৰ্ণীতিৰ কৰাল গ্ৰাসত হাবু দুবু খোৱা মানুহ বোৰ।

সময়ৰ সোতত হোৱা এই পৰিবৰ্তন অামাৰেই সৃষ্টি

নতুন দিনৰ পৰিবৰ্তন সেয়ে আমাৰ নিজৰ হাততে

নতুন পুৰুষ তুমি দেখিছা আজিৰ বিশ্ব

এৰি দিয়া পৰিবৰ্তন যজ্ঞৰ অশ্বমেধ ঘোৰা

বিজয় তোমাৰ নিশ্চিত তুমিয়েতো অাজিৰ নৰ্বাজুন।

বাংলাদেশী

বাংলাদেশী বাংলাদেশী বুলি অসমীয়া বলিয়া

নেদেখে বাংলাদেশীৰ মুখ

বাংলাদেশী বিচাৰোতে নিজৰ অসমতে পায়

দুখৰ উপৰি দুখ।

দেখিও নেদেখা হেৰা অসমীয়া

বাংলাদেশী ঘৰতে আছে

ৰিক্সা ঠেলা আৰু পাছলী বাৰীত

কোনে কাম কৰে পাছে?

যিদিনা নিদিবা মাটিদৰা আধি

নাখাবা সিহতৰ মাছ

অৰ্থনৈতিক হেচাত পাচপৰা বাংলাদেশী

আৰু অধিক পৰিব পাচ।

পেটৰ দায়ত কামৰ দায়ত

নিজ দেশলৈ ঘূৰি চাব

অসম চৰকাৰে হেচা এটা মাৰিলেই

নিজ দেশলৈ ঘূৰি যাব।

ভাতে নামাৰি হাতে মাৰিবলৈ লে

চিঞৰ বাখৰ মাথো হব

মানবতা তুমি লুণ্ঠিত কৰা বুলি

মানবতাবাদী সকলে কব।

সেয়েহে কও ধৰ্নাঅবোৰধঅসম বন্ধ এৰি

খেতি পথাৰ আৰু শ্ৰম কৰিবলৈ যোৱা

এদিন সচাকৈ দেখিবা তুমি

অসম বাংলাদেশী মুক্ত হোৱা।

সুখ

সুখৰ সন্ধানেই আমাৰ জীৱন

সুন্দৰৰ আৰধনা জীৱনৰ খেল

তথাপি কিয় বাৰু মৰিচীকা খেদো

সুখ বিচাৰি অন্ধকাৰত ঘূৰি ফুৰো।

ধন আৰু বিলাসেই সুখৰ আকৰ নহয়

সকলো জানিও অবোধৰ দৰে

কেবল ধনৰ সোণৰ বাবেই

পাহাৰ ভৈয়াম একাকাৰ কৰো।

সুখ আৰু দুখ একেই সুৰতে গাঠা

একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি

তথাপি বিচাৰি ফুৰো সাগৰত পাল তৰি

নাপাও বিচাৰি পাচে হিমালয়ৰো টিংত।

বিলাতী সুৰাৰ চুমুক বা গাভৰু দেহৰ সুবাস

সুখ তাতো ক্ষন্তেকীয়া পানীৰ বুদ বুদ

তথাপি বিচাৰি যাও বাৰে বাৰে

পাম জানো অাউসীত পূৰ্ণিমাৰ জোন।

লোভ মোহ কাম ক্ৰোধ যিদিনা হব শেষ

মনৰ মাজতে নিজেই হব সুখৰ প্ৰবেশ

সমাজৰ কাম কৰি দেশ দহৰ হিত কৰি

জীবনে পাব সুখ শান্তিৰ চিত।

বাওপন্থী সোপন্থী মধ্যমপন্থী

বাওপন্থী সোপন্থী মধ্যমপন্থী সকলো একেই পন্থী
তেজ অাৰু মঙহেৰে গঢ়া,পেটত একেই ক্ষুধা
জীৱন যুজত একেই যুজ পুৱাতেই উঠি
অন্ন বস্ট্ৰ বাসস্থান একেই প্ৰয়োজন জীৱনৰ বাবে।
সকলোৱে কয় একেই লক্ষ্য একেই উদ্দেশ্য
দুখীয়াৰ আখলত জুই জ্বলোৱা
পোনাটিক গাখীৰ খুৱাই পঢ়িবলৈ পঠোৱা
বুঢ়ী অাইক কাহৰ ঔষধ এটি দিয়া।
ধৰ্ম বাৰু তাহানিৰে বিভেদ হিন্দুমুছলমানখৃষ্টান……
তুমিতো ৰাজনীতিৰ নতুন পুৰুষ
তেন্তে কিয় ভগাই যোৱা মানুহক ছলাহীৰে
জাত পাত ধৰ্ম বৰ্ণ অাৰু ভাষাৰ নামত।
সভ্যতাৰ শিখৰত এতিয়া মানব আমি
হাতৰ মুঠি আৰু অঙুলিৰ পৰশত বিশ্ব আমাৰ
শোভা নাপাই অাৰু মধ্যযুগীয়া মন
গনতন্ত্ৰৰ ধ্বজা এতিয়া বিশ্বত বিদ্যমান।
সেয়েহে কও বাওপন্থী সোপন্থী মধ্যম পন্থী
হিন্দুমছলমানখৃষ্টানসকলো ভেদাভেদ এৰা
মানব প্ৰেমেৰে মানবপন্থী হোৱা
বিশ্বত সচাকৈয়ে বাজিব দেবদুন্দুভি এদিন।

মোৰ দেশ

মোৰ দেশ সভ্যতা সংস্কৃতিৰ দেশ

মহাভাৰতৰ দিনৰে সূয্যোদয়ৰ দেশ;

ব্ৰহ্মাৰ মানসপুত্ৰ বুকুয়েদি বয়

হৰি আৰু হৰে য’ত অস্ত্ৰৰে মেদিনি কপায়।

মোৰ দেশ উষা অাৰু বান ৰজাৰ দেশ

মহাভাৰতত বীৰগতি প্ৰাপ্ত ভগদত্ত আৰু ঘটোটকচ

ইয়াতেই জনমিছিল ভাৰতৰ ইতিহাসেই কয়

সতীৰ দেহৰ অংশ এটিৰ ইয়াতে হৈছিল লয়।

কামাখ্যা পীঠ সেয়া আজিও জগত বিখ্যাত

নৰকক মাৰি কৃষ্ণই অধৰ্মক কৰিছিল উৎখাত;

হিউয়েনচাং আহিছিল সুদুৰ চীন পৰা

লিখি থৈ গ’ল ভাস্কৰবৰ্মনৰ গুন গানৰ গাথা।

চুকাফা আহিল এদিন সোণৰ জখলাৰে নামি

নতুন অসম গঢ়িলে তেও সকলোকে জিনি;

লাচিত মূলাও জনমিলে ইয়াত দেশ ৰক্ষাৰ বাবে

স্বদেশ প্ৰেমৰ নিদৰ্শন দি গ’ল যুগে যুগে।

শঙ্কৰ-মাধবে আনিলে নতুন ধৰম কৃষ্টি সংস্কৃতি লৈ

অসমীয়া বুলি চিনাকী দিবলৈ আজিও গৌৰব হয়;

বিষ্ণু-জ্যোতি-ভূপেনেও সেই কথাকেই কয়

অসমৰ গৌৰব কোনোকালে আমি হবলৈ নিদিও লয়।

অসম আন্দোলন

ছবছৰীয়া এদিনীয়া এক যাত্ৰা

চুক্তিৰ পাতত এদিন হেৰাই গ’ল

মুক্তিৰ সেই টেটুফলা প্ৰতিশ্ৰুতি।

চমৰীয়া-গহপুৰ-নেলী কিহৰ প্ৰতিচ্ছবি

ৰাজপথত তেজ দিয়া ডেকা গাভৰুৰ কাতৰ চিঞৰ

ফলাফল কি আজিও যেন এক অবুজ সাথৰ।

বিধায়ক আৰু মন্ত্ৰীত্বৰ লালসাত

বাঘে চাগে পানী খাই একেঘাটে

পনবন্দী মাথো সহজ সৰল অসমীয়া।

জাত পাত জনগোষ্ঠী ধৰ্মৰ নামত

তেতিয়াই অংকুৰিত বিভাজনৰ বীজ

ফুলে ফলে আজি জাতিস্কাৰ।

কাৰবাবে বলিদান দুটাকৈ শিক্ষা বছৰ

সীমান্ত দেখো আজিও উন্মুক্ত

কিহৰ বাবে বাৰু আছিল সেই আস্ফালন।

দানেকাইৰ মাটি কেবিঘা এতিয়াও বন্ধকীত

কাতিমহীয়া দীঘল ৰাতি কেতিয়া পুৱাব

মাঘৰ বিহুৰ ভোজ সৰুকনে কেতিয়া পাতিব?

গ্লবেলাইজেচন অাৰু ফাইবাৰ অপ্তিক্সৰ দিন এতিয়া

নতুন দৃষ্টিৰে নতুন পুৰুষে অকৌ এবাৰ চোৱা

সমাধান এদিন আহিবই, উদয় হব নতুন সুৰুজ।

ককাদেউতাৰ হাড়

গাধৈৰ পোলা কাটি চোৰ চাংৰ লিতিকাই ভাঙি

তোমত থোৱা ধানৰ সচবোৰ কাহানিবাই চিলতিয়াই নিলে

কলমদানি-বাতিয়াচৰা-শিয়াল শালী এতিয়া ইতিহাস

ককাদেউতাই কৈছিল হে’ৰ ইউৰিয়া ইমানকৈ নিদিবি

মাটিদৰা নষ্ট হৈ যাব, গোবৰ আৰু পচনসাৰেই ভাল

দেউতাই হাহিলে…পুৰনি চিন্তা উৎপাদন বাঢ়িব কেনেকৈ?

ফৰিঙতি মাটি দৰাত জুপুৰি সজা চিলতিয়াই

ইউৰিয়া ধালি গল ধালি গল সৰহ আইজং পোৱাৰ বাবে

এদিন ফৰিঙতিৰ লগত ৰূপীত কেইবিঘাও গল

টিভি চোৱাৰ বাসনাত চিলতিয়াৰ ম্যাদী পট্টা হ’ল।

এঘৰ চিলতিয়া শূৰ পোকৰ দৰে কেনেকৈ বাঢ়ি গ’ল

মজজিদৰ বাবে বিলৰ কাষৰ মাটি দৰাও আবণ্টন হল

ককাদেউতাইও পেলালে হাড়

দেউতাই কলে চহৰলৈ যাবৰ হ’ল

চিলতিয়াৰ পুতেকে ককাৰ ভেটী মাটি কিনিবলৈ

দুগুন উৎসাহেৰে উন্নত সাৰ আৰু ফচল লগালে

চহৰত চৰা দামত আমাকেই বেচি

ককাৰ ভেটিটোও নিজৰ কৰিলে।

একেই ইতিহাস ৰূপহী ঢিং বৰদোৱা নীলবাগান…………

সৰু বৰ গাও অাৰু চহৰ

সকলোতে হেৰাল ককাদেউতাৰ হাড়।

মাহী আইৰ দৃষ্টি

জু-ৰোডৰ ৰাজপথত থিয় হৈ

সুবিশাল অট্টালিকাতোলৈ জুমি চালো

কেন্দ্ৰীয় চৰকাৰৰ মাহী আইৰ দৃৰ্ষ্টিৰ বাবেই

মহৎ জীৱন হতে গঢ়িছে বিয়াগোম ঘৰ

জলসিঞ্চনৰ নলাত পানী নাই

পথাৰত কৃষকৰ হাহাকাৰ

মহৎ হতৰ দৰে মানুহৰ দালান বোৰত

এচিৰ ঘৰ ঘৰ ঘৰ ঘৰ………।

কেন্দ্ৰীয় চৰকাৰৰ অবহেলাৰ বাবেই

মাজুলী-ৰহমৰীয়াত খহনীয়া চপৰা চপৰ

তথপি কিন্তু বাননিয়ন্ত্ৰনৰ মন্ত্ৰী বিষয়াৰ ঘৰত

ইটালীয়ান টাইলচ অাৰু শ্বপিচৰ লহৰ।

দিল্লীৰ মাহী অাইৰ দৃষ্টিৰ বাবেই

বাট পথত বিয়াগোম বিয়াগোম পট হ’ল

পাচে গড়কাপ্তানী বিষয়াৰ পুতেকৰ

বিশাল বিশাল শ্বপিং অাৰু মদৰ মহল।

আৰুনো কিমাান সহীম মাহী অাইৰ দৃষ্টি

বিহু পূজাত মোটা চান্দালৈ সেয়ে

মন্ত্ৰী ঘোচখোৰ বিষয়াৰ কামনা কৰো উদ্গতি।

জয় অাই অসম বুলি দিনত টেতু ফলাও

ৰাতি হলেই ৰঙা পানী খাই বাজানা বজাও।

স্বাধীনতা, ২০১৬

চিয়াচিন বৰাইল কাঞ্চনজংঘা

বিন্ধ্য আৰাৱলী পূবপশ্চিম ঘাট উচ্চশিৰে আজি

তিৰংগা উৰুৱাই অাছে উজলি,

গভীৰ সাগৰৰ তলিত নতুবা মহাকাশৰ বুকুত

জয়গান ভাৰত মাতাৰবন্দে মা তৰম

চিলিকন ভেলী কিম্বা ব্ৰুজ খালিফা বা লণ্ডন আই

সকলোতে শুনো একেই প্ৰতিধ্বনিভাৰত মাতা কি জয়

দিল্লীৰ ৰাজপথৰ কুচকাৱাজত

বিশ্বৰ চকুত চমক লগাই

শতৰুৰ বুকু কপাই অাগুৱাই অামাৰ সেনানীজয় হিন্দ

কোনেও নোৱাৰে অাৰু ৰোধিব

স্বাধীন ভাৰতৰ এই দুৰ্বাৰ জয়যাত্ৰা

শত শত স্বহীদ অাৰু অতন্দ্ৰ প্ৰহৰী ভাৰত সেনাৰ

বুকুৰ তেজ কেতিয়াও নুশুকাই

কাশ্মীৰচতীশগড়পাঠানকোট অাৰু সীমান্তত,

নোৱাৰে কৰিব অামাৰ গতি ৰূদ্ধ কিম্বা কণ্ঠ স্তব্ধ

অাতংক বাদীৰ বোমা কিম্বা AK-47 নিৰ্মোঘ গুলীয়ে।

কোটি কোটি জনতাৰ একতাৰ জৰী

এখন্তেক থমকিলেও অাকৌ দুৰ্বাৰ গতিৰে পুনৰ ধাবমান

প্ৰগতিৰ পথত অাৰু পোহৰ বিচাৰি

বিশ্বৰ বুকুত এদিন সচাকৈ উজলিব অখণ্ড ভাৰত

নতুন প্ৰজন্মতেই যে অাছে ইয়াৰ অংকুৰিত বীজ।

( ২০১৬ৰ স্বাধীনতা দিবস উপলক্ষে লিখা)

চেলফি(Selfie)

চেলফি মানেই এতিয়া জীৱন, হাহি অাৰু কান্দোন

ৰঙা ৰঙা শাৰী অাৰু হালধীয়া পাৰি

আচল কামুৰি চকুত কাজল অাৰু ওঠত লিপষ্টিক

একাবেকা ভাজেৰে উদং বাহু আৰু বক্ষবন্ধনীৰ কোমল ভাজ।

কেতিয়াবা জিনচ অাৰু টি চাৰ্টৰ লগত ৰে বেনৰ লা চচমা

দেখিলেই মনে গুনগুনাই উঠে

গৰি গৰি মুখুৰেপে কালাকালা চচমা……”

মাজে মাজে অাকৌ CCD কফিত চুমুক

নতুবা KFC মূৰ্গী ঠেংত Big Bite

মন্দিৰৰ পূজাৰী অাৰু দেব দেবী এতিয়া

ত্ৰাহি কম্পমান……চেলফিয়েই এতিয়া জীৱন।

হাতত ঝাৰুলৈ কাঢ়া ইষ্ট্ৰীৰ টপটো

চেলফিত ভাল নে বেয়া লাগিল চৰ্চা তাৰেই

জাবৰ জোথৰো দেখো চেলফি হৈ ল।

প্ৰেয়সীৰ ওঠৰ ৰং গালত লগাই

বীয়েৰ অাৰু ভদকাৰ পাৰ্টিতো মাথো চেলফি হে

শগুনৰ সভাতো দেখো ভাষণ পৰি , চেলফি মাথো ল।

জন গন মন হে চেলফি নায়ক

আইৰ মুখলৈ চোৱা,

অাইনাত নিজকে এবাৰ চোৱা

সেয়ে জীৱনৰ সচা চেলফি……

সময়

সময়বোৰ এনেকৈয়ে উৰি যায়

ৰাতিপুৱাটো আহিছিলহে মাত্ৰ

শেতেলীত কম্বল লৈ শুবৰ ;

সোমবাৰ আহিছিল মাত্ৰ

শণিবাৰে গধূলি চেকেণ্ড শ্ব চাবৰে ;

এক তাৰিখ আহিছিল মাত্ৰ

তিৰিশ তাৰিখ আহি মানিবেগ শূণ্য ;

দিন ৰাতি একাকাৰ কৰি পৰীক্ষা দিছিলো মাত্ৰ

অাকৌ অাজি চিমেষ্টাৰ পৰীক্ষাত বহিবৰ ;

নতুন বছৰ অাৰু বিহুৰ শুভেচ্ছা দিছিলোহে মাত্ৰ

অাকৌ ৰঙালী বিহুৰ চান্দা দি পাপনক চাবৰ ;

জন্ম দিন পাতিছিলোহে সিদিনা

আজি অাকৌ কেক কাটিবৰ ;

নতুন চৰকাৰ পাতিছিলোহে সিদিনা

অাকৌ অাঙুলিত দাগ লগাই ইভিএম তিপিবৰ ল।

সময়বোৰ এনেকৈয়ে উৰি যায়

অগোচৰে পল পল দণ্ড কৰি

পৰি ৰয় মাথো স্মৃতি অাৰু ইতিহাস

কোৱা নহয় ভুলৰ বাবে ক্ষমা কৰা বুলি

নতুবা সচায়ে তোমাক ভাল পাও বুলি।

অাজিয়েই সচা মাথো জীৱনৰ দিন

সেয়ে গাথা সুগন্ধি শেৱালীবকুলৰ মালা

কাইলৈ সকলো যাব যে মৰহি

আজিয়েই কও সেয়ে ধুনীয়া তুমি সৰগৰ পৰি

ভালপাও তোমাক জোন বেলি আকাশৰ দৰে

কোনে জানে কাইলৈ হয়তো ওলমি ৰম

স্মৃতিৰ আকাশত স্বপ্নৰ তৰা হৈ।

ঘোচ

দুটি আখৰৰ এটি মিঠা শব্দ

ইয়াক অবজ্ঞা কৰিলেই যে

কাম কাজ সকলো স্তব্ধ

কি বিষয়া কি আমোলা

মন্ত্ৰী কিম্বা পালি পহৰীয়া

সকলোৰে মুখত বিৰিঙাবলৈ হাহিঁ

ইযে এক আমোঘ অস্ট্ৰ ।

ঘোচক যেতিয়া কৰিবা আপোন

ঘৰলৈ আহিব নতুন বাহন

মাটি বাৰী ঘৰ দুৱাৰ

সকলো হব একাকাৰ

চান্দা বিচাৰি মৰম যাচি

সকলোৱে লগাব হাহাকাৰ

ঘৰত হবগৈ গামোচাৰ পাহাৰ।

লৰা ছোৱালীৰ মৰম পাবা

পত্নীৰ নিতৌ ধুনপেচ চাবা

অাই বোপাইৰ গৌৰব হব

ৰাজনীতিৰ পথ মুকলি হব

ল’ৰাৰ বাবে ধুনীয়া কইনা পাবা

ছোৱালীয়ে সদায় পাৰ্লাৰ যাব

তথাপি ক’লা ধন শেষ নহব।

দেহা যেতিয়া দুবৰ্ল হব

চুগাৰ প্ৰেচাৰ সংগী তোমাৰ হব

বাল্মীকি হোৱাৰ চিন্তাত তোমাৰ

খাৱন শোৱন নোহোৱা হব

অনুতাপত দগ্ধ হলেও

উভতি যোৱাৰ ৰাস্তা নহব

ঘোচৰ লোভতেই আত্মা তোমাৰ প্ৰেতাত্মা হব।

চুনামী দেখিছা ?

চুনামী দেখিছা

হাৰিকেন দেখিছা

নাই দেখা শুনিছো

টৰ্নেড দেখিছা

নাই দেখা শুনিছো

কিন্তু দেখিলো এতিয়া

একেলগে টৰ্নেদ হাৰিকেন চুনামী

মোদীৰ মাজত।

সকলোকে বহুদূৰ পাচত এৰি

বহ্নিমান মোদী আজি

বৰ্ত্তমান এটাই মাথো

হাৰিকেন টৰ্নেড চুনামী

মোদী মোদী মোদী।

জনতাৰ এই জয় যাত্ৰা

মোদী মাথো এক প্ৰতীক

১৫ বছৰৰ শোষণ তোষণ আৰু

ভ্ৰষ্ট্ৰাচাৰ অনিয়ম অনিতীৰ

অন্তিম এতিয়া সমাগত

মাজত মাথো এপষেক

বুতামৰ তিপাতে আহিব

হাৰিকেন টৰ্নেড চুনামী

চৌদিশে সেয়ে উদ্দাত চিঞৰ

মোদী মোদী মোদী।

দিঘলীপুখুৰীৰ সুন্দৰি অাই

মোৰ সুন্দৰী অাই

তোৰ যানো কাম বন নাই

মবাইল ফোন তিপি যি ৰিজাল্ট কৰিলি

মাৰ্ক চিট চাবলৈও লাজ লাগি যায়।

দিঘলীপুখুৰীৰ পাৰতে

পাইতাৰা দি থাকোতে

পালি বয়ফ্ৰেণ্ডক লগ

জেবিজত দোচা খাই

টিউচন এৰি লৈ

পৰীক্ষাত মাৰিলি ফ্লপ।

বাইক নাই বুলি বয়ফ্ৰেণ্ড সলালি

নতুন বাইকত উঠি

পিভিঅাৰত ঘূৰিলি

পপকৰ্ণ খাই চেলফি বোৰ তুলিলি

ফেচবুকত উঠাই লৈ

শত শত ফ্ৰেণ্ড গোটালি।

ডিচকলেজিয়েত হোৱাৰ উমান পাই

ডেংগুৰ ভাও জুৰিলি

জিএনআৰচিত সোমাইলৈ

বাপেৰক দেউলীয়া কৰিলি।

হোষ্টেল এৰিলৈ পেয়িং গেষ্টত সোমালি

কম্পিউটাৰ শিকিম বুলি

ঘৰলৈ নাহিলি

ছলাহী কথাৰে অাকৌ মাৰক ঠগালি।

ভূপেন দা এতিয়া অাৰু নহয় অান্ধাৰ ৰাতি

ভূপেন দা নোশোধো তোমাক এতিয়া কিমান ৰাতি

তুমিতো নিজেই এতিয়া এক জ্যোতিষ্মান তৰা

চৌদিশ পোহৰাই গাই অাছা মানবতাৰ জয় গান।

তোমাৰ সুৰতেই বাজি উঠে আজি

লোহিত-কাবেৰি-গংগা-পদ্দাৰ একত্ৰিত ধ্বনি

একেই মানুহ আমি একেই নাৱৰে যাত্ৰী।

ধমনীত আমাৰ একেই ৰঙা তেজ

শিল ভঙা হাত আৰু দোলা কঢ়িওৱা কান্ধত

একেই বেদনা আৰু পেটত একেই ভোক।

মাজুলীত নতুন দিনৰ স্বপ্নই সাৰপাই উঠি

সমস্বৰে গাই উঠে ভূপেন দা এতিয়া অাৰু যাতে

কোনোদিনেই নহয় অমাবশ্যাৰ ৰাতি।

শদিয়াৰ শৰ পহু জাক উলাহত জপিয়াই

ধলালৈ যাব কেচা পাতত বন্ধা লোণৰ সোৱাদ বিচাৰি

তোমাৰ জন্মদিনতেই যাতে অন্ধকাৰৰ দৈত্যৰ হয় চিৰ-যতি।

কোন তুমি অখিল

দেখিছো তোমাক কেবল সঞ্জয়ৰ বিতচকুত

শুনিছো আছিলা তুমি ছাত্ৰ নেতা কটনিয়ান

চিন্তা আৰু কাম তেনে ওলোতা কিয়

আদিম মানুহৰ দৰে চিঞৰ লম্ফ জম্ফ

জনতাক উচতাই জোল খালা হৈ ৰাস্তাত থিয়।

মাটিৰ পট্টা দিম বুলি দুখীয়াৰ নিয়মীয়া চান্দা লা

পৃথানী ভূৰাকীয়া বুলি চিঞৰি নিজৰ আট্টালিকা গঢ়িলা

নিৰ্বাচন অাহোতেই চেগ বুজি কঠীয়া পাৰিলা

ৰকী তৰুনৰ টকাৰে অৰ্কিড গাৰডেন বনালা

নদী বান্ধ বন্ধ কৰিম বোলা প্ৰতিজ্ঞা কত পাহৰিলা।

গুৱাহাটীৰ ৰাজপথত সৰ্তীথক জীয়াই জীয়াই জ্বলালা

কাজিৰঙাত নিৰীহক গুলি খুৱাই মাৰিলা

পুলিচৰ ভয়ত কাপোৰ কানি এৰি দৌৰি পলালা

তোমাৰ নেতাগিৰিৰ ফোপোলা স্বৰূপ

অসমবাসীৰ আগত নিজেই উদঙাই দেখুৱালা।

বন্ধ ধৰ্ণা সংস্কৃতিৰ তুমি এক হোতা

অসমৰ উন্নতিৰ তুমি এক বাধা

অসমক যদি সচাই ভালপোৱা নিজক সুধি চোৱা

আন্দোলন এৰি নাঙল লৈ পথাৰ চহাবলৈ লোৱা

কেমেৰাৰ আগত হালবোৱাৰ হাবিয়াস তুমি এৰা।

তোমাৰ আছে নেতাৰ গুণ বাংগালোৰ দিল্লী যোৱা

অকলো অসমীয়াক উৎসাহিত কৰি

অসম গঢ়াত সহযোগ কৰিবলৈ কোৱা

যিদিনা তুমি স্বাৰ্থ আৰু ধনৰলোভ কৰিবা ত্যাগ

অসমবাসীয়ে তোমাক দিব ৰাজদৰবাৰ ভাগ।

পদ্মপতি ছাৰ

হঠাৎ শুনিলো পদ্দাৱটী ছাৰ আৰু নাই

সীমাৰ পৰিধি ফালি গুছি গ’ল অজান মুলুকলৈ

ক্ষন্তেকৰ বাবে যেন স্তব্ধ হ’ল জালুকবাৰী

উচুপি উঠিল পদ্দাৱটী নাই-পদ্মাৱটী নাই-পদ্মপতি নাই।

পদ্মপতি তুমি পদুমৰ দৰে শুভ্ৰ হৃদয়

কাৰোবাৰ বাবে পদ্দাৱটী কাৰোবাৰ বাবে পদ্মাৱটী

সকলোৰে বাবে কিন্তু ছাৰ, শ্ৰদ্ধা আৰু মৰমৰ ছাৰ।

অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ যান্ত্ৰিকতাৰ মাজত

তুমি যেন মানব-যন্ত্ৰ-প্ৰকৃতিৰ এক যোগসূত্ৰ

জালুকবাৰী-১৩ক সকলোৱে আকোৱালী লয়

ষৃষ্টি হয় মানবতাবাদী-প্ৰকৃতি প্ৰেমী শত সহস্ৰ অভিযন্তা।

চিভিল-মেকানিকেল-ইলেক্ট্ৰিকেল……পৰিধিৰ বাহিৰত

তুমি যেন নিজেই এক ইণ্টাৰদিচিপ্লিনেৰী বিভাগ

কাৰণ তুমিযে এক মানব প্ৰেমী, প্ৰকৃতি প্ৰেমী সচা মানুহ।

জালুকবাৰীয়ে সদায় সোৱৰিব তোমাক

অসম বাসীয়ে সোৱৰিব সদায়

সোৱৰিব শত সহশ্ৰ অভিযন্তাই

তুমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিলিখা ইতিহাস।

Leave a Reply

Your email address will not be published. Required fields are marked *