MITALI BHUYAN MEMORIAL AWARD
মিতালি ভূঞা ফাউণ্ডেচনৰ উদ্যোগত অসমৰ প্ৰথম নটাৰী তথা গুৱাহাটী উচ্চ ন্যায়লয়ৰ অধিবক্তা, জীৱপ্ৰেমী মিতালি ভূঞাৰ সোৱঁৰণত দিয়া "মিতালি ভূঞা বঁটা"ৰ ২০২৪ চনৰ বঁটাৰ বাবে মনোনয়ন (নমিনেচন) আহ্বান কৰা হৈছে। বঁটা সমূহ হ'ল (১) বৰ্ষশ্ৰেষ্ঠ পশু চিকিৎসক (২) পথৰ কুকুৰৰ বাবে কাম কৰা বৰ্ষশ্ৰেষ্ঠ চেচ্ছাসেৱী অনুস্থান(এনজিঅ) (৩) বৰ্ষশ্ৰেষ্ঠ লৌহ মহিলা(আয়ৰণ লেডি) (৪) মানৱ দৰদী বৰ্ষশ্ৰেষ্ঠ অধিবক্তা (৫) মানৱ দৰদী বৰ্ষশ্ৰেষ্ঠ চিকিৎসক (৬) মানৱ দৰদী বৰ্ষশ্ৰেষ্ঠ অভিযন্তাৱ(৭) বৰ্ষশ্ৰেষ্ঠ মহিলা উদ্যোগী বটা(৮) কুকুৰৰ বন্ধু (ফ্ৰেণ্ড অব্ দগ) বটা
01.Lifetime Achievement Award: Dr. N.C. Borah
02. People Friendly Doctor Award: Dr. Venkata Pradeep Babu Koyalla
03. Iron Lady Award: Er. Sanjukta Dutta
04.People Friendly Engineer Award: Er. Jyotirindra Narayan Khataniar
05.Poor Friendly Advocate Award: Surjya Kanta Dutta
06.Friend of Animals Award (For Vet Doctor): Dr. Pradyut Kr. Sarmah
07.Friend of Dogs Award (For NGO): Prapti Foundation
08.Woman Entrepreneur Award: Smt. Lalita Devi Jain .
01.Lifetime Achievement Award: Dr. Amal Chandra Kataki
02. People Friendly Doctor Award: Dr. Narendra Nath Dutta
03. Iron Lady Award: Violet Baruah, IPS
04.People Friendly Engineer Award: Er. Safiur Rahman Saikia
05.Poor Friendly Advocate Award: Advocate Santanu Barthakur
06.Friend of Animals Award (For Vet Doctor): Dr. Smriti Rekha Dutta
07.Friend of Dogs Award (For NGO): SAHAY
08.Woman Entrepreneur Award: Roopjyoti Saikia Gogoi
mitalibhuyanfoundation@gmail.com
Watsup: +919435010859
Mitali Bhuyan Foundation (MBF) হ'ল অসমৰ প্ৰথম নটাৰী তথা বঙাইগাৱ জিলা আদালত আৰু গুৱাহাটী উচ্চন্যায়লয়ৰ অধিবক্তা ৺মিতালি ভূঞাৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে মিতালি ভূঞাৰ পৰিয়ালে গঠন কৰা ন্যাস। সমাজত এনে বহু ব্যক্তি আছে যিয়ে সমাজৰ ভালৰ বাবে, মানুহৰ ভালৰ বাবে, জীৱকুল-পৰিবেশৰ ভালৰ বাবে নিৰবিচ্ছিন্ন ভাবে কাম কৰি কিন্তু প্ৰচাৰ বিমুখ হোৱা বাবে তেওলোক প্ৰাপ্য স্বীকৃতি বা ৰাইজৰ প্ৰশংসা বুটলিবলৈ অপৰাগ হয়। কাৰণ তেওলোকৰ বাবে কৰ্মই ধৰ্ম, তেওলোকে কেৱক কামেই কৰি যায়। যদিও কামেই তেওলোকৰ পৰিচয়, তথাপি তেনেলোক সকলক বিচাৰি আনি তেওলোকক সন্মান জনোৱা, উৎসাহিত কৰা আৰু ৰাইজৰ আগত তেওলোকক পৰিচয় কৰি দি তেওলোকৰ সজ কামৰ বিষয়ে প্ৰচাৰ কৰা এই ন্যাসৰ এক মূল লক্ষ্য আৰু উদ্দেশ্য। লগতে জীৱজন্তু, জীৱকুল আৰু পথৰ কাষৰ গৰাকী বিহীন কুকুৰ-মেকুৰীৰ বাবে নিস্বাৰ্থ ভাবে কাম কৰি যোৱা বিভিন্ন বেচৰকাৰী সংস্থা তথা ব্যক্তিক ৰাইজৰ আগত চিনাকি কৰি দি তেওলোকক উৎসাহিত কৰাও এই ন্যাসৰ এক লক্ষ্য আৰু উদ্দেশ্য। নিজৰ আপোনজনক কম বয়সতে বা অকাল মৃত্যুত হেৰুৱাই শোক সাগৰত ডুবযোৱা আত্মীয় পৰিজনক শান্তনাবাণী দি, লগতে কেনেদৰে তেওলোকক পুনৰ জীৱনৰ বাটতত খোজ দিবৰ বাবে উদ্বুদ্ধ কৰিব পাৰি তাৰ বাবেও এই ন্যাসে কাম কৰি যাব। পিতৃ-মাতৃক হেৰুৱাই অনাথ হোৱা, গৃহহীন হোৱা শিশু সকলক শিক্ষাৰ পোহৰ দিয়াও এই ন্যাসৰ এক উদ্দেশ্য